John Lenon-ৰ গীত Imagine-ৰ মুকলি অসমীয়া ৰূপান্তৰ

এবাৰ ভাবাচোন

(পুলক জ্যোতি শৰ্মা)

এবাৰ ভাবাচোন

এবাৰ ভাবাচোন যে স্বৰ্গলোকৰ কোনো অস্তিত্ব নাই

চেষ্টা কৰিলেই ভাবিব পাৰিবা

ভাবা যে নৰক বুলিও কোনো ঠাই নাই

আছে ওপৰত কেৱল বিশাল আকাশ

আৰু গমি চোৱা এই ইহজনমতেই উদ্‌যাপিত হয় জীৱন


এনেকৈ ভাবিবলৈ নাইতো কোনো অসুবিধা

যে পৃথিৱীত সীমাৰেখাৰে আবদ্ধ নাই কোনো দেশ

যাক ৰক্ষা কৰিবলৈ আমি আনক হত্যা কৰিব লাগে

যাৰ বাবে আমি নিজৰ জীৱনো দিব লাগে

আৰু ধৰিলোৱা নাই কোনো ধৰ্মও

আছে মাথো সকলোৰে হৃদয়ত গভীৰ প্ৰশান্তি


তুমি চাগে ভাবিছা সেয়া মোৰ অলীক সপোন

কিন্তু সেই সপোনতো নহয় মাথো মোৰ

যিদিনা তুমিও দেখিবা সেই একেটি সপোন

পৃথিৱীখন হ'ব একেখনি ঘৰ তোমাৰ আৰু মোৰ


পাৰিবানে বাৰু ভাবিবলৈ

যে আমাৰ নাই কোনো সা-সম্পত্তি

সেয়ে নাই কোনো লোভ নাই ক্ষোভ

আছে মাথো হৃদয়ত ভাতৃপ্ৰীতি

ভাবাচোন এবাৰ যে

সকলোতে সকলোৰে সমভাগ এই ধৰাখনিত


তোমাৰ হয়তো এনে লাগিছে যে সেয়া মোৰ এটি অবাস্তৱ সপোন

কিন্তু সেই সপোন মাথো ময়েইতো দেখা নাই

তুমিও এদিন দেখিবা সেই একেই সপোন

আৰু সেইদিনা পৃথিৱীখন হ'ব একেখনি ঘৰ তোমাৰ আৰু মোৰ


--------------------------------------------

Imagine

(John Lenon)

Imagine there's no heaven

It's easy if you try

No hell below us

Above us, only sky

Imagine all the people

Livin' for today


Ah

Imagine there's no countries

It isn't hard to do

Nothing to kill or die for

And no religion, too

Imagine all the people

Livin' life in peace


You

You may say I'm a dreamer

But I'm not the only one

I hope someday you'll join us

And the world will be as one


Imagine no possessions

I wonder if you can

No need for greed or hunger

A brotherhood of man

Imagine all the people

Sharing all the world


You

You may say I'm a dreamer

But I'm not the only one

I hope someday you'll join us

And the world will live as one



********