দাৰ্শনিক খলিল জিব্ৰানৰ তাত্বিক ৰচনা ‘FEAR’ৰ অসমীয়াত কবিতাৰূপত উপস্থাপন
শঙ্কা
(পুলক জ্যোতি শৰ্মা)
সাগৰ ধিয়াই বৈ যোৱা নৈখন
মোহনা পাই শঙ্কাত কম্পিত হ’ল
উভতি চালে তাই অতদূৰ এৰি অহা বাটটোলৈ
সেইযে পৰ্বত শিখৰৰ পৰা
সুদীৰ্ঘ অঁকোৱা-পকোৱা বাট
এৰি থৈ হাবি গাওঁ পথাৰ
আৰু এতিয়া সমুখত সাগৰ
ইমান বিস্তীৰ্ণ ইমান বিশাল
সাগৰৰ বুকুত সোমাই পৰা মানেইতো
চিৰদিনলৈ অদৃশ্য হৈ যোৱা, হেৰাই যোৱা
সমাধান আছে জানো কিবা এই দ্বিধাৰ
ৰুদ্ধযে তাইৰ ওভতনি বাটৰ দ্বাৰ
এই সৃষ্টিত ওভতনি অসম্ভৱৰেই নামান্তৰ মাথো
কাৰ বাবেনো সেই বাটৰ কপাট খোলা আছে বাৰু
শঙ্কা অতিক্ৰমী নৈখনে সাগৰৰ বুকুতযে বিলীন হ’বই লাগিব
সাগৰত সঁপি দিয়াতেই এই শঙ্কাৰ নিৰ্বাপ্তি
সাগৰত সমৰ্পনতেই সাগৰলৈ পৰিব্যাপ্তি
সাগৰত সমাহিত হৈ তাই বুজিব
তাই হেৰোৱা নাই হেৰোৱা নাই
তাই সাগৰ হ’ল-সাগৰ হ’ল
FEAR
(Khalil Jibran)
It is said that before entering the sea
A river trembles with fear
She looks back at the path she has travelled,
From the peaks of the mountains
The long winding road crossing forests and villages
And in front of her
She sees the ocean so vast,
That to enter
There seems nothing more than to disappear forever
But there is no other way
The river cannot go back
Nobody can go back
To go back is impossible in existence
The river needs to take the risk
Of entering the ocean
Because only then fear will disappear
Because that’s where the river will know
It’s not about disappearing into the ocean
But of becoming the ocean