ঠিকনা
(পুলক জ্যোতি শৰ্মা)
তোমাৰ ঠিকনা বিচাৰিলো
মহানগৰত উপনগৰত গাঁৱত গলিত
তাত তোমাৰ ঠিকনা নাই
ঠিকনা বিচাৰিলো তোমাৰ আৱাসত
সুউচ্চ দালানত টিনৰ চালিৰ সৰু ঘৰটোত
খেৰৰ পঁজাত প্লাষ্টিকৰ চালৰ তলত
তাতো নাপালোঁ তোমাৰ ঠিকনা
ঠিকনাৰ বাবেতো পৰিচয় লাগে
পৰিচয় বিচাৰিলো
শিক্ষাৰ প্ৰমাণপত্ৰত পদমৰ্য্যদাত আৰু পদবিহীনতাত
ওঁহো ! সেয়াতো তোমাৰ পৰিচয় নহয়
কুৰুকি কুৰুকি পালোঁ তোমাৰ পৰিচয়
আৰু পালোঁ ঠিকনা
য’ত সকলোৱে তোমাক বিচাৰি পায়
বৰ্তমানতো অবৰ্তমানতো
সেই পৰিচয়তেই স্থায়ী ঠিকনা – তোমাৰ হৃদয়
********