ষ্টেটাচ

(পুলক জ্যোতি শৰ্মা)

আধুনিক বিলাস

আপল’ড কৰিলোঁ শেহতীয়া ষ্টেটাচ

সোনোৱালী পথাৰত দুহাত প্ৰসাৰিত মোৰ ছবি

এতিয়া চকু নিবদ্ধ স্ক্ৰীণত লাইক লেখি

ক্ষণিক মনলৈ আহিল পথাৰত মালিতা ৰচোঁতাজনৰ

স্বগতোক্ত ষ্টেটাচ

বুকু ভৰাই লৈ ভৰুণ পথাৰৰ নিৰ্যাস

কৈছিল – আমাৰ আশৈশৱ ঘামৰ সুবাস


********