সত্য
(পুলক জ্যোতি শৰ্মা)
সি সদাই নীৰৱে থাকে
নীৰৱতাই তাৰ প্ৰিয়
তথাপি সি সকলোৰে চকুত পৰি থাকে
সিযে দেখনিয়াৰ আৰু ওখ
সিযে ধ্ৰুৱতৰাৰ দৰেই স্থিৰ
তাৰ আন এটি ভূষণ গাম্ভীৰ্য্য
সেয়ে সি সকলোৰে সমীহৰ পাত্ৰ
তাক অগ্ৰাহ্য কৰিব নোৱাৰি
সিযে সকলোতকৈ শক্তিশালী
অনেকৰে তাৰ প্ৰতি সদ্ভাৱ নাই
হেজাৰ চেষ্টা কৰিওযে তাৰ সমান হ’ব নোৱাৰে,
সেয়ে
সি শান্তিপ্ৰিয়, খৰিয়াল পেচাল ভাল নাপায়
তথাপি কেতিয়াবা সি ৰূঢ় হয়
আৰু সংঘাত হ’লে
শেষলৈ সিয়েই মূৰতুলি থিয় দি ৰয়
তাৰ সঙ্গ ল’লে বাট দীঘলীয়া আৰু দূৰ্গম হয়
সেই বাটেৰে আগুৱাওঁতে তাৰ বিৰক্তিও নালাগে
ভাগৰো নালাগে
মাজে মাজে পিছ পৰা যেন লাগিলেও
বাটে বাটে চিন ৰাখি থৈ
বাটৰ শেষ সি সকলোতকৈ আগতেই পায়গৈ
দুঃসময়ত সিয়েই সকলোৰে ভৰসা
সিয়েই সকলোৰে প্ৰকৃত বন্ধু
তথাপি তাৰ কোনো উচ্চবাচ্য নাই
নীৰৱে থাকে, গা দেখুৱাই নুফুৰে
কিন্তু বেলিটোৰ দৰেই জিলিকি থাকে --
পোহৰতো আন্ধাৰতো
চিনি পোৱাইতো তাক
তাৰ নাম - সত্য
********