জয়ন্তী

(নিজে জড়িত থকা এটা কীৰ্তিমান অনুষ্ঠানৰ ষাঠি বছৰীয়া জয়ন্তী উদ্‌যাপন উপলক্ষ্যে)

(পুলক জ্যোতি শৰ্মা)

মহাসময়ৰ বুকুত লিখা হ’ল

মানুহৰ অদম্য সপোন সাহস আৰু শ্ৰমৰ

ষাঠি বছৰীয়া ইতিকথা ;


মহাকালৰ বাবে যি মাথো

এক বালিচাহী

ভঙ্গুৰ জীৱনৰ বাবে সেয়া

এক মাইলৰ খুটি ৷

উঠি আহে এক উচ্ছাসিত কলৰোল

জয়ন্তী জয়ন্তী মহাজয়ন্তী ৷


সেই মাইলৰ খুটিত ক্ষন্তেক দৰক লৈ

উভতি চাই সবে এৰি অহা বাটলৈ

বিস্মৃতিৰ অটল তলিৰ পৰা

কুৰুকি কুৰুকি উলিয়াই আনে

আনন্দ উদ্ধেলিত স্মৃতিৰ একো একোটা টুকুৰা

কালৰ গেদ খুচৰি উলিয়াব খোজে

পোত যোৱা মুকুতা মাণিক ৰত্ন

যি ৰত্নৰ দীপ্তিত উদ্ভাসিত পথেৰে

আৰম্ভ হৈছিল সমদল যাত্ৰা ৷


কত সমদলকাৰী কালৰ বুকুত বিলীন হয়

পথদ্ৰষ্টা সলনি হয়

সমদল যাত্ৰাই বিৰতি নলয়

মাইলৰ খুটিত সেয়ে বিজয়োল্লাস

জয়ন্তী জয়ন্তী মহাজয়ন্তী ৷


সমদলৰ দৃষ্টি প্ৰসাৰিত হয়

আগলৈ , বহু আগলৈ

দূৰলৈ , বহু দূৰলৈ

বাট কাটি কাটি আগবাঢ়ে সমদল যাত্ৰা

লক্ষ্য মহাকালৰ বুকুত পূৰ্ণ শতিকা এটি

আৰু এক মাইলৰ খুটি

আৰু এক সমস্বৰ কলৰোল

জয়ন্তী জয়ন্তী মহাজয়ন্তী ৷

********