সুখ
(পুলক জ্যোতি শৰ্মা)
তোমাৰ বাবেই যাত্ৰা মোৰ
দিন ৰাতি একাকাৰ
তুমি পিচে চিৰদিনেই পলৰীয়া
এই ধৰা দিওঁ এই ধৰা দিওঁকৈ
প্ৰায়েই পলাই ফুৰা
প্ৰাপ্তিৰ সীমাৰেখাতেই তুমি অপেক্ষা কৰি থাকা
সন্তোষ্টিৰ পৰিধিৰ সীমনাতেই
তুমি ৰৈ থাকা
পৰ্য্যাপ্তিৰ ভাবনাৰে যুটি বান্ধি
আমি ধাবমান হওঁ সীমনালৈ
তোমাৰ মিচিকি হাঁহিৰ ওঁঠযুৰি চুই চাবলৈ
তোমাক হাতৰ মুঠিত ধৰি ৰাখিবলৈ
কিন্তু কিযে মায়া জানো তোমাৰ,
পৰিধিৰ সীমা পাওঁতেই
তোমাক ক্ষন্তেক চুই চাওঁতেই
অন্তৰ্হিত হয় পৰ্য্যাপ্তিৰ ভাবনা
বহল হৈ পৰে পৰিধি
আঁতৰি গুচি যায় সীমাৰেখা
আৰু তুমি বাগিদি
পৰিধিৰ বোকোচাত উঠি আঁতৰি যোৱা
আমালৈ মাথো এৰিথৈ তোমাৰ প্ৰচ্ছায়া
কিয় বাৰু তুমি ইমান পলৰীয়া
কিয় বাৰু আমাক ধৰা নিদিয়া
প্ৰাপ্তিৰ সীমাৰেখা চুই জাগি উঠে
অনন্ত পিয়াহ
জাগি উঠে অপ্ৰাপ্তিৰ অসন্তোষ্টি
আমাৰ দুৰাশা বুকুত লৈ
সীমাৰেখা বিয়পি যায় উচ্চৰ পৰা অত্যুচ্চলৈ
বাসনা জাগে –
গতি বাঢ়ক তীব্ৰৰ পৰা সুতীব্ৰলৈ
খ্যাতি বিয়পি যাওক সুখ্যাতিলৈ
সম্পদ উপচি পৰক পৰ্বতপ্ৰমাণলৈ
জয়ধ্বজা উৰক বিজয়লৈ
শক্তি ওফন্দি উঠক মহাশক্তিলৈ
আৰু সীমনাত এপলক মাথো সঙ্গ দি
তুমি গৈ থাকা দূৰ দূৰ বহুদূৰলৈ
বুকুত সাৱটি আমাৰ
অপূৰ্ণ আশা দুৰ্নিবাৰ আকাঙ্ক্ষা অপ্ৰাপ্তিৰ চিৰঅসন্তোষ
আমালৈ মাথো থাকি যায় তোমাৰ ছাঁয়া
তুমি বৰ পলৰীয়া চিৰদিনেই পলৰীয়া
হাততে পায়ো সততে তোমাক হেৰুৱাও
কোনোবা বিৰল দিনৰ বিৰল পৰত
পৰম প্ৰাপ্তিৰ নিৰল অনুভৱৰ ক্ষণত
কেউফালে চাই মনে বুজে
বিজয়োল্লাসৰ বাবে কাষত কোনো নাই
আছে মাথো একাকীত্ব – হাতধৰি প্ৰচ্ছায়াৰ তোমাৰ
দোমোজাত থিয়দি যেতিয়া ভাবো তেতিয়া বুকুৱে বুজে
আচলতে নহয় তুমি পলৰীয়া
আমিহে জগৰীয়া মাজত তৃষাৰ নৈখন বোৱাই ৰখাৰ
********