বুঢ়ালুইত
(পুলক জ্যোতি শৰ্মা)
পানীয়েই পৃথিৱীৰ প্ৰাণ
দিশে দিশে দেশে দেশে কত নদী চিৰপ্ৰৱাহমান
কিন্তু হে প্ৰাচীন বুঢ়ালুইত
তুমিহে মোৰ সবাতোকৈ আপোন
তুমিহে মোৰ প্ৰাণৰো প্ৰাণ
তুমি বোলে দেৱতাৰ মানস পুত্ৰ
তথাপি চিৰদিন তুমি মোৰ দুচকুৰ আগত
মোৰ নিচেই কাষত
তুমিয়েই মোৰ জাতিৰ জীৱন
তোমাৰ বুকুতেই হাত পখালি হেনো মাতৃহন্তাৰ পাপ মোচন
তথাপি চিৰ পুণ্যসলিলা তোমাৰ প্ৰৱাহ
শস্য-শ্যামলা তোমাৰ দুপাশ
বিচিত্ৰ জীৱকুলৰ প্ৰাণৰ স্পন্দন তুমি
কোচ মেচ বড়ো ৰাভা হাজং
মিচিং কাৰবি ডিমাচা গাৰো
মৰাণ মটক চুতীয়া বৰাহী
আহোম খামটি চিংফৌ
সোনোৱাল থেঙাল তিৱা ভূঁঞা
আৰু কত সৰু-বৰ জাতি
সকলোৱে যুগে যুগে বান্ধিলে পঁজা পাৰত তোমাৰ
সবে মিলি হৈ এক মহাজাতি গায় জয়গান তোমাৰ
দিহিং দিচাং দিখৌং ধনশিৰী
কপিলী ডিগাৰু কুলসী
ৰঙানদী সোৱনশিৰী ভৰলী
বেকী মানাহ চম্পা গদাধৰ সোনকোষ
আৰু কত সৰু-বৰ সোঁত
যুগ যুগ ধৰি আছে বৈ তোমাক ধিয়াই
সকলো বয় সাগৰলৈ লীন গৈ তোমাত
তুমি প্ৰাচীন কিন্তু বয়সে গৰকিব নোৱাৰে তোমাৰ যৌৱন
কত শত ধূলিয়ৰি ফাগুনৰ সাক্ষী তুমি
কত শত বহাগৰ খদমদম পাৰে পাৰে তোমাৰ
কত বৰষাত উন্মাদ নাচোন তোমাৰ
কত শৰতৰ আকাশৰ প্ৰতিচ্ছবি তোমাৰ ধাৰাত
কত হেমন্তত কত শীতত শীৰ্ণ বসন তোমাৰ
প্ৰাগজ্যোতিষ কামৰূপ কমতা
শদিয়াৰ চুতীয়াৰাজ কছাৰীৰাজ আহোমৰাজ
কতযে উত্থান আৰু পতন
মহীৰঙ্গ নৰক ভগদত্তৰ বীৰত্বৰ আখ্যান
বানৰজাৰ শ্ৰীকৃষ্ণক প্ৰত্যাহ্বান
কুমাৰ ভাস্কৰবৰ্মাৰ সুদূৰপ্ৰসাৰী খ্যাতি
চ্যুকাফা নৰনাৰায়ণৰ মহানতাৰ বুৰঞ্জী
তোমাৰ পাৰতেই উঠিছিল প্ৰাণ পাই
শক্তিৰ আৰাধ্যা দেৱীক নৰকৰ প্ৰত্যাহ্বানৰ সাক্ষী তুমি
মহাবীৰ শুক্লধ্বজৰ চিলাৰ দৰে কৌশলী যুঁজৰ সাক্ষী তুমি
দুপাৰৰ জাতি-উপজাতি মিলি
শতৰুক যুগে যুগে ভেটি দেশ ৰখাৰ সাক্ষী তুমি
স্বৰ্গদেউৰ আদেশ শিৰোধাৰ্য্য কৰি
তোমাৰ বুকুতেই শতৰুক কচুকটা দি
আতন গোঁহাই আৰু লাচিতে অসমীয়াত্ব ৰক্ষা কৰি
কাললৈ ৰাখিলে খ্যাতি
হায় ! চিৰস্বাধীন জাতিৰ স্বাধীনতাৰ বেলিমাৰ
তাৰো হৈ ৰ'লা তুমিয়েই সাক্ষী
তোমাৰ উজান ভাটী সোঁতেই ৰুক্মিণী হৰণৰ সাক্ষী
দূৰ্ভেদ্য অগ্নিগড়ত অঙ্কুৰিত উষা অনিৰুদ্ধৰ অমৰ প্ৰেমগাঁঠাৰ তুমিয়েই সাক্ষী
দেশৰ শতৰু ৰুধিবলৈ বীৰাঙ্গনা মূলাগাভৰুক অমিত বিক্ৰম দিছিলা তুমি
অকথ্য নিৰ্যাতনতো সতী জয়মতীৰ দৃঢ়তাৰ প্ৰেৰণা আছিলা তুমি
স্বভূমি স্বাভিমান ৰক্ষাৰ হকে সতী সাধনীক প্ৰাণাহুতিৰ প্ৰেৰণা দিছিলা তুমি
শাসকৰ অতিচাৰৰ বিৰুদ্ধে অস্ত্ৰ ধৰিবলৈ ৰাধা আৰু ৰুক্মিনীক সাহস দিছিলা তুমি
যুগ-যুগান্তৰৰ চৰ্যাপদৰ ধাৰা
আদি কবি কুমাৰিল ভট্ট কন্দলি মাধৱৰ
গীতগোৱিন্দ সপ্তকাণ্ড ৰামায়ণ
অনন্ত কন্দলি ৰাম সৰস্বতীৰ ৰচনাসম্ভাৰ
শঙ্কৰৰ নৱবৈষ্ণৱ ধৰ্ম বটবৃক্ষ হৈ জাতিষ্কাৰ
বৰগীত অঙ্কীয়ানাট ভাওনা চালিনৃত্য ঝুমুৰা
আজান পীৰৰ জীৱনদৰ্শন নিগৰা জিকিৰ
ভট্টদেৱৰ গদ্যসাহিত্য সম্ভাৰ
সকলোৰে ইতিহাস কঢ়িয়াই নিৰৱধি তোমাৰ বোৱতী ধাৰ
বিহু হুচৰি বাগৰুম্বা কুষান বৰত নিমচো কেৰং ঝুমুৰ
ঢোল পেঁপা মাদলৰ ছেৱত গুমগুমাই তোমাৰ দুপাৰ
কামৰূপী গোৱালপৰীয়া দেহবিচাৰ নাঙেলি আদি কত গীতত
বৈ যায় নিগৰি চহাৰ সৰল জীৱনস্পন্দনৰ গাঁথা
যিদৰে বয় তোমাৰ নীলিম ধাৰা
সিদৰেই ভক্তিৰসৰ নিজৰা বয়
তোমাৰ দুপাৰৰ প্ৰজাৰ কণ্ঠেৰে যেতিয়া নিগৰিত হয়
ওজাপালি নাগাৰা নাম টোকাৰী গীতৰ অমিয়া লয়
তোমাৰ সোঁতৰ উদগণিতেই নিগৰিছিল
প্ৰেম মানৱতা দেশ সমৰ্পিত আৰু বিদ্ৰোহৰ অগ্নিবৰষা গান
অম্বিকাগিৰি জ্যোতি বিষ্ণু ভূপেনৰ কাপ আৰু কণ্ঠেৰে
মাটিৰ পৰশৰ গান ৰুদ্ৰ বৰুৱা খগেন আনন্দিৰামৰ
পাৰ্বতীপ্ৰসাদৰ গীত ভাৱাদৰ্শৰ লুইতৰ চাপৰিত
তোমাৰ সোঁতেই দিয়ে প্ৰাণ কণ্ঠত জুবিন অঙ্গৰাগৰ
তোমাৰ সোঁতেই গতি দিছে কণ্ঠক নৱপ্ৰজন্মৰ
তোমাৰ পাৰ ভগা ধাৰৰ দৰেই স্বভাষা উদ্ধাৰৰ ৰণত
টলমল হৈছিল ঢেকিয়াল ফুকন আনন্দৰাম বৰুৱা গুণাভিৰাম
ভাষাৰ ওজা হেমচন্দ্ৰ
তোমাৰ সোঁতৰ দৰেই মাতৃভাষা প্ৰেমৰ বোৱতী ধাৰা বুকুত লৈ
ভাষাৰ সেৱাত ব্ৰতী হ'ল
লক্ষ্মীনাথ হেমচন্দ্ৰ চন্দ্ৰকুমাৰ পদ্মনাথ ৰজনীকান্ত
ধাৰা অমৰ কৰি কলমেৰে নিগৰালে
বীৰেন্দ্ৰকুমাৰ নীলমনি নিৰ্মলপ্ৰভা হোমেন দেৱকান্ত
লক্ষ্মীনন্দন মামণি ৰয়চম ভবেন্দ্ৰনাথ আব্দুল মালিক নৱকান্ত
আৰু গণিত অগণিত কতজনে
ধাৰা যে বয় নিৰৱধি অনন্তক ধিয়াই
তুমি যি দেশৰ মাটি জীপাল কৰিছা যুগে যুগে
সেই দেশত নহ'বনো কিয় ৰণ পথৰুঘাটৰ
নুঠিবইবা কিয় ধেৱা ফুলগুৰিৰ
সেইদেশততো জনমিবই স্বভূমিৰ হকে প্ৰাণ দিবলৈ
স্বজাতিৰ হকে নিকাৰ ভুঞ্জিবলৈ
গোমধৰ মনিৰাম পিয়ালি কনকলতা ভোগেশ্বৰী মুকুন্দ কাকতি
থগীৰাম সুত কুশল কোঁৱৰ
মোজ্জামিল অনিল খৰ্গেশ্বৰ
আৰু যুগে যুগে লিখিত অলিখিত শত শত বীৰ বীৰাঙ্গনা
সেই দেশততো বাৰে বাৰে স্ফুলিঙ্গ উঠিবই
মহাসংগ্ৰামৰ স্বভূমিত স্বাধিকাৰ ৰক্ষাৰ
হে প্ৰাচীনৰো প্ৰাচীন
হে মোৰ প্ৰাণৰো প্ৰাণৰ বুঢ়ালুইত
আয়ে গাত চাটিমাৰি লোৱা
বুটাবচা চাদৰখনি হৈ
থাকিবা চিৰতিকাল
আমাৰ জাতিৰ সঞ্জীৱনী শকতি হৈ
আমাৰ মাটিৰ নজহা-নপমা জীপ হৈ
তোমাৰ প্ৰবাহেৰে উজ্জীৱিত হৈ থাকিব
মোৰ অসম দেশ অনন্তকাল
ভাৰতৰ পূৰ্বদিশত উদিত সূৰ্য্য চিৰজ্যোতিষ্মান
********