বৰষা
(পুলক জ্যোতি শৰ্মা)
বৰষাৰ নাই কোনো ভৰসা
তাইৰযে মুখখন ওফন্দিয়েই থাকে
কেতিয়ানো তাই উচুপে কেতিয়ানো হুৰাওৰাৱে কান্দে
কেতিয়ানো ওফোন্দপতা মুখত ফিচিককৈ আটকীয়া হাঁহি এটা বিৰিঙে
ধৰিবই নোৱাৰি
তাইৰ নেপাওঁ দেখোন ভৰসা
যেন কোনোবা চেঙেলীয়া প্ৰেমিকৰ প্ৰেমিকাজনীহে
যেন বাপেকৰ ঠেঁহাল নুমলীয়া জীয়েকজনীহে
বৰষাৰ নাই কোনো ভৰসা
********