ভূপেন দা তুমি অবিনশ্বৰ
ড: ভূপেন হাজৰিকাদেৱলৈ শ্ৰদ্ধাঞ্জলী
(পুলক জ্যোতি শৰ্মা)
(ৰচনাকাল অক্টোবৰ ২০১২)
শৰত আৰু হেমন্তৰ দোমোজাত
তেতিয়া শেৱালী আৰু নতুন নিয়ৰে
কিবা শুকুলা শুকুলা ছবি অঁকাৰ সময়
আকাশত এটুকুৰা আলসুৱা মেঘ ভাঁহি গ’ল
কোনোবাই বিনালে – সেয়া হেনো তুমি
উৰণীয়া মৌৰ জীৱনৰ মায়া এৰি
জিৰণীয়া মৌ হ’বলৈ অসীম অনন্তলৈ যাত্ৰা
পিচে যাবা কেনেকৈ
কাক এৰি যাবা
হৃদয়ে হৃদয়ে দেখোন
জীৱনৰ বিদ্যুৎ তুমি
তুমিতো অবিনশ্বৰ,
টিৰাপৰ কিশোৰ ৱাংচুৰ দৰে দূৰন্ত তুমি
মন্পা ককাইটিৰ হাতৰ বুদ্ধৰ মূৰুতিৰ দৰে
সৌম্য তুমি
কপিলীৰ দৰে ৰাংঢালী পাগলী ছোৱালী তুমি
মহাবাহু ব্ৰহ্মপুত্ৰৰ দৰে গম্ভীৰ তুমি
ৰণক্লান্ত নোহোৱা, সাগৰ সঙ্গমত সাঁতুৰি ক্লান্ত নোহোৱা
সমাজৰ চিৰজাগ্ৰত প্ৰহৰী তুমি
তুমি কেনেকৈ আঁতৰি যাবা
তোমালৈ ৰৈ থাকে আপাটানি ভনীটি
অৰুণাচলৰ কোনোবা গাঁৱত
ৰৈ থাকে গোৰ্খালী গাভৰু কপিলীৰ খুটিত
আৰু থাকে ৰৈ ৰূপসী নদীৰ পাৰৰ
চাওতালী গাভৰু
আৰু গৌৰীপুৰীয়া গাভৰু গদাধৰৰ পাৰত
সিহঁতক এৰি জানো যাব পাৰিবা
চিলঙৰ মনালিচা লিংডোক জানো
পাহৰিব পাৰিবা
চিফুঙৰ লহৰত তুমি
শ্বৰাতিৰ সুৰত তুমি
দিছাংমুখৰ ডেকাটিৰ পেম্পাত তুমি
কৃ্ষ্ঞকলি বাগিছাৰ কৃষ্ঞাইৰ মাদলৰ ছেৱত তুমি
বহাগৰ বিহুগীতৰ কোঁহে কোঁহে তুমি
কেনেকৈ থাকিবা আঁতৰ হৈ
পাৰিবা জানো চিলঙৰ গধূলিৰ মোহ এৰিবলৈ
জীৱন ৰেলৰ তৃতীয় শ্ৰেণীৰ যাত্ৰীৰ সহযাত্ৰী
তুমি বিনে কোন হ’ব ভূপেনদা
শীতৰ সেমেকা ৰাতি দুঃস্থজনৰ নিৰাপত্তা
তুমি নহ’লে কোন হ’ব ভূপেনদা
একা-বেঁকা বাটেৰে ওখকৈ পাহাৰৰ টিঙলৈ উঠা
দোলাভাৰীক কোনে ক’ব
হে্ইয়া নাং হে্ইয়া নাং হে্ইয়া নাং হে্ইয়াহ
হে্ইয়া নাং হে্ইয়া নাং হে্ইয়া নাং হে্ইয়াহ
ঘামমৰা নঙঠা পিঠিৰ বনুৱাক
বৰ বৰ শিল ভাঙিবলৈ কোনে ক’ব
মুক্তিকামী লক্ষজনৰ বাবে লক্ষ্যৰ চিত্ৰ আঁকিবলৈ
চিত্ৰলেখাক তুলিকা তুলি ল’বলৈ
তুমি নক’লে কোনে ক’ব ভূপেনদা
আইৰ দুখত বুকু তোমাৰ হম হম কৰে
বৰদৈচিখলাজনী হৈ ঢপলিয়াই ঢপলিয়াই দেখোন
সকীয়াই ফুৰা সকলোকে
কেনেকৈ যাবা আঁতৰি
জোনাকৰে ৰাতি অসমীৰে মাটিৰ
জিলিকি জিলিকি পৰা ৰূপ চাবলৈ
তুমিতো থাকিবই লাগিব
তুমিযে এই মাটিৰেই ল’ৰা
লুইতৰ দুয়োপাৰ জিলিকাবলৈ
তোমাৰ ইমান আশা
হে মহানায়ক, তোমাক সাৰথি কৰি
বুঢ়ালুইতৰ বিস্তীৰ্ণ দুপাৰে অসংখ্যজন আছে
হাঁহি হাঁহি জীৱন বুটলিবলৈ
আৰু আছে সীমাৰ পৰিধি ভাঙি
নতুনৰ গতি খেদা ডেকা-গাভৰুৰ দল
তোমাৰ গভীৰ আস্থাৰ গানৰ
ধপ ধপ ছন্দ বাজে কলিজাত
তোমাৰ গীতৰ হেজাৰ স্ৰোতাৰ
লুইতৰ পৰা মিচিচিপিলৈ
মিচৰৰ পৰা ডুছানবিলৈ
অটোৱাৰ পৰা অষ্ট্ৰিয়ালৈ
পদ্মা গঙ্গাৰ পাৰে পাৰে
তোমাৰ মানুহ বিচৰাৰ যাযাবৰী যাত্ৰা
শেষতো হ’ব নোৱাৰে
তোমাৰ আকাশৰ দৰে বিশাল দৃষ্টি
ধুমুহাৰ দৰে শক্তি
বজ্ৰৰ দৰে উদাত্ত কণ্ঠতো
স্তব্ধ হ’ব নোৱাৰে
সময়ৰ অগ্ৰগতিত দেহা নশ্বৰ
সময় নদীত পট অঁকা
তোমাৰ গীতৰ চিৰযুগমীয়া ঢৌ অবিনশ্বৰ
দুৰন্ত অশ্বৰ পদধ্বনিত উন্মাদ হোৱা
তোমাৰ অশ্বৰোহী গতি অবিনশ্বৰ
তোমাৰ জীৱনৰ ধাৰাপাতত
নাই বিয়োগৰ ঘৰ
তুমি অবিনশ্বৰ ভূপেনদা
তুমি অবিনশ্বৰ
তুমি অবিনশ্বৰ ভূপেনদা
তুমি অবিনশ্বৰ
********